Assamese Essay on Netaji Subhas Chandra Bose
নেতাজী সুভাষ চন্দ্র বসুৰ ব্যক্তিত্ব আৰু আদর্শ
চন্দ্র বসুৰ জন্ম হৈছিল ১৮৯৭ চনৰ জানুৱাৰী মাহৰ ২৩ তাৰিখে বর্তমান। ওড়িষা ৰাজ্যৰ (প্রাচীন নাম উৰিষ্যা) কটক চহৰত। কটক চহৰ তাহানি উৰিষ্যাৰ প্রাচীন ৰাজধানী আছিল। সুভাষ চন্দ্র বসুৰ পিতৃ জানকীনাথ বসু উকীল হিচাপে বিখ্যাত আছিল। অতি ব্যস্ত আৰু জনপ্রিয় উকীল আছিল তেওঁ। তেওঁৰ পত্নী তথা সুভাষৰ মাতৃ প্ৰভাৱৰ্তী বসুও আছিল এগৰাকী সৰবৰাহী মহিলা। তেওঁ আছিল এগৰাকী ধর্মপৰায়ণা সুগৃহিনী। ৰামকৃষ্ণ পৰমহংসৰ দৰে সুভাষে মাতৃ শক্তিক পৰম বিশ্বাস কৰিছিল। এক আধ্যাত্মিক চিন্তা-চেতনাই তেওঁক সৰুতে আলােড়িত কৰি তুলিছিল। ঘৰুৱা পৰিৱেশটোও আছিল পৱিত্র। বংগ পৰিয়ালৰ এখন ভদ্ৰ আৰু আভিজাত্যপূর্ণ ঘৰৰ সন্তান হিচাপে সুভাষ আছিল সঁচাকৈয়ে ভদ্র। তেওঁ চোক, কৌশলী আৰু সাহসীও আছিল। তেওঁ আছিল পিতৃ-মাতৃৰ নৱমগৰাকী সন্তান |
এগৰাকী মানুহ জীয়াই থাকে, অমৰ হয় তেওঁৰব্যক্তিত্বৰ মহানতা আৰু আদৰ্শৰ উজ্বলতাৰ বাবে। সুভাষ বসু আছিল । এগৰাকী বিচক্ষণ ৰাজনীতিজ্ঞ, প্রতিভাশালী পুৰুষ আৰু অনমনীয় বীৰ। এক দৃঢ় ৰাজনৈতিক আদর্শ বিশ্বাসী বসুৱে ঐক্য-সম্প্রীতিত সমানেই গুৰুত্ব দিছিল। হিন্দু-মুছলমানৰ মাজত একতাৰ বান্ধ দৃঢ় হৈ থকাটো তেওঁ সদায়েই কামনা কৰিছিল। সেয়ে সম্প্রদায় ভিত্তিত কোনাে বিভাজন তেওঁ ভাল না পাইছিল। ছাত্ৰাৱস্থাতে তেওঁ স্বামী বিবেকানন্দ লিখনি আৰু আদৰ্শৰদ্বাৰা অনুপ্রাণিত হৈছিল যদিও পিছলৈ তেওঁ সেই আদর্শতে লাগি থাকিব পৰা নাছিল। অৱশ্যে সৰুৰেপৰাই তেওঁ মাতৃভূমিক প্রাণতকৈয়াে ভাল পাবলৈ শিকিছিল। ভাৰতবৰ্ষক এখন আদর্শ, সাহসী, মুক্ত আৰু নৈতিকতাপূর্ণ
দেশ হিচাপে গঢ়াৰ তেওঁ এক বিৰাট সপােন দেখিছিল। ছাত্ৰাৱস্থাৰপৰা যিকোনাে কামতে নেতৃত্ব লৈ সাহসেৰে আগবাঢ়ি যােৱাত তেওঁ আছিল পটু। সমাজৰ মাজত দেখা দিয়া অন্যায়-অবিচাৰ তেওঁ সহ্য কৰিব পৰা নাছিল। কলেজীয়া। ছাত্ৰাৱস্থাতে তেওঁক পঢ়ওৱা শিক্ষকৰ লগত লগা খকাখুন্দাই এইকথা প্রমাণ কৰে। ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ কথাবােৰ নতুন দৃষ্টিৰে আৰু গভীৰভাৱে চিন্তা কৰিবলৈ লৈছিল। দুখীয়া জনগণৰ দৰিদ্ৰতা, সমাজত থকা উচ্চনীচ ভেদভাব, অস্পৃশ্যতা আদিক তেওঁ দেশৰপৰা সমূলি উৎখাত কৰিবলৈ বিচাৰিছিল। এখন সাম্যবাদী সমাজ আৰু উ দাৰ স্বাধীন ৰাষ্ট্ৰ গঢ়াৰ মনােভাব তেওঁৰ জাগ্ৰত হৈছিল। স্বদেশৰ স্বাধীনতা আৰুউন্নতিৰহকে তেওঁ প্রয়ােজন হলে সশস্ত্র সংগ্রামকো আঁকোৱালি লােৱাৰ পােষকতা কৰিছিল। জাতীয়তাবাদী। শিক্ষা, আত্মৰক্ষা আৰু দেশ ৰক্ষাৰ বাবে সামৰিক কলা আহৰণৰ প্রয়ােজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব দিছিল।
ইংলণ্ডত থকা কালছােৱাত তেওঁ বহুতাে গণমান্য লােকৰ সংস্পৰ্শলৈ। আহিছিল আৰু সিবােৰৰ ব্যক্তিত্বই তেওঁক আকর্ষণ কৰিছিল। কিন্তু ভাৰতীয় জাতীয়তাবােধ অন্তৰত সদা-জাগ্ৰত হৈ থকা সুভাষে কেতিয়াও কতাে নৈতিকভাবে স্থলিত হােৱা নাছিল।
১৯৩৭ চনৰ ডিচেম্বৰ মাহত জৱাহৰলাল নেহৰু অসমলৈ আহি অসমৰ চাহ আৰু তৈল ক্ষেত্রসমূহত বৃটিছৰ পুঁজিবাদী শােষণৰ কথা বুজাই দিয়াৰ লগতে সুভাষ বসুকে আদি কৰি জালালুদ্দিন হামী, চৌকা সিনহা, দিনকৰ অসমকো বৃটিছৰ বিৰুদ্ধে বিশেষভাৱে জাগ্রত কৰি তুলিছিল। ১৯২৯ চনৰ চেপ্তেম্বৰ মাহৰ আদি ভাগতাে সুভাষ বসুৱে জামছেদ পুৰৰ পৰা তিনিচুকীয়ালৈকে অসমত কোম্পানীত কৰ্মৰত শ্ৰমিকসকলক একগােট কৰি সুসংগঠিত ৰূপত সজাবলৈ চৌকা সিঙক পঠাইছিল। সিঙে বসুৰ এই আদেশ পালন কৰি এই চনৰে ২৫ চেপ্তেম্বৰত এখন সভা আহ্বান কৰিছিল, যত আঢ়ৈশ শ্রমিক বনুৱা সমবেত হৈছিল। তেওঁ এই সভাত শ্ৰমিকৰ উন্নয়নৰ বাবে চিন্তা কৰিবলৈ তেওঁলােকৰসংগঠনে ‘ট্রেড য়ুনিয়ন’ৰ আৱশ্যকতাৰ কথা আৰু তাৰ প্রতি তেওঁলােকৰ থাকিবলগীয়া আনুগত্য কথা বহলাই বুজাই দিছিল। সদৌ ভাৰত শ্ৰমিকসকলৰ প্রতি এনেদৰে চিন্তা কৰা সুভাষ আছিল এগৰাকী হিতবাদী, প্রগতিশীল নেতা আৰু নিঃস্বার্থ। সেৱক।
১৯৩৮ চনত বসু যেতিয়া চিলঙলৈ আহিছিল, তেতিয়া তেওঁক চোৱা, লগ ধৰা মানুহৰ সীমা-সংখ্যা নােহােৱা হৈছিল। ছাত্র-ছাত্রী, যুৱক-যুৱতী কিছু মানে বসুৰপৰা অটোগ্রাফ’ বিচাৰিছিল। সুভাষ বসুৱে বিচৰাসকলক ‘অটোগ্রাফ দি ধন্য কৰিছিল। বহুজনে বসুৰ সান্নিধ্য লাভ কৰি আনন্দ লাভ কৰিছিল আৰু তেওঁৰ কথা, গাম্ভীর্য আৰু দেশপ্রেমত মুগ্ধ হৈছিল।
ইম্ফল-কোহিমাত ‘আজাদ হিন্দ ফৌজৰ সৈন্যই বিধ্বস্তপ্রায় হােৱা সময়তাে বসুৰ আছিল অদম্য সাহস। এই সাহসৰ যেন লক্ষ্য আছিল ভাৰতস্থ বৃটিছ। শক্তিক এসেকা দি চিৰদিনৰ বাবে ভাৰতৰ মাটিৰ পৰা বিদায় দিয়া৷ তেওঁ সদায় নিজৰ বিবেকক প্রাধান্য দিহে কাম কৰিছিল। যুৱশক্তি অবিহনে এখন দেশৰ সমৃদ্ধি, স্বাধীনতা আৰু প্রগতি অসম্ভৱ বুলি তেওঁ বিশ্বাস কৰিছিল।
বসুৱে বৃটিছ চৰকাৰৰ ঔপনিৱেশিক শিক্ষা পদ্ধতি ভাল পােৱা নাছিল। জাতীয় চেনতাক উগ্রভাৱে জগাই তুলিব পৰা এক সুকীয়া শিক্ষাৰ প্ৰতিহে তেওঁৰ মন ধাবমান হৈছিল। সেয়ে, তেওঁ এনে লক্ষ্যৰে সেই সময়ত বংগদেশত হােৱা বানপানীৰ কবলৰপৰা মানুহক সাহায্য দিবৰ বাবে কংগ্রেছ স্বেচ্ছাসেৱক সকলৰ সৈতে তেৱো উঠিপৰি লাগিছিল।
এটি সমৃদ্ধ সামাজিক আৰু ৰাজনৈতিক জীৱন যাপন কৰা সুভাষ বসুৰ জীৱন আছিল সংঘাতময়। নানা ঘাতপ্রতিঘাত, হিংসা-দ্বেষ, প্রতিকূল পৰিস্থিতিকো বৰণ কৰি, সকলােকে প্রত্যাহ্বান হিচাপে লৈ তেওঁ সাহসেৰে আগবাঢ়ি গৈছিল। সাগৰ সাঁতুৰি,পর্বতলংঘি নিজ লক্ষ্যত উপনীত হ'ব বিচাৰিছিল তেওঁ। তেওঁৰ এই আগ্রহ আৰু প্রচেষ্টা বিশ্বৰ সমূহ জনগণৰ চিৰকালৰ বাবে আদৰণীয় আৰু বৰণীয় আদর্শ স্বৰূপ হৈ থাকিব।
সুভাষ বসুৰ কেইটিমান স্মৰণীয় বাণী:
“মােক তেজ দিয়া, মই তােমাক স্বাধীনতা দিম।”
“শিক্ষক এডাল মমবাতিৰ দৰে, নিজে গলি আনক পােহৰ দিয়ে।”
"জয় হিন্দ।”

Comments
Post a Comment
If you have any doubts, please let me know