সন্ত্ৰাসবাদ | Assamese Article |


সন্ত্ৰাসবাদ

 বর্তমান বিশ্বৰ সমগ্র দেশৰে এটি বৃহৎ সমস্যা হৈছে সন্ত্রাসবাদ। সন্ত্রাসবাদীৰ এচামে সাধাৰণ জনতাৰ সুখ-শান্তি হৰণ কৰি জীৱন দুর্বিসহ কৰি তুলিছে।


পশ্চিম এছিয়াৰ পেলেষ্টাইন আৰু ইজৰাইলতে বিশ্বৰ ভিতৰত সন্ত্রাসবাদৰ ভয়াবহতা আটাইতকৈ বেছি। ইজৰাইলৰ সন্ত্রাসবাদীৰ নৰসংহাৰী কার্যকলাপ বর্তমানেও পূর্ণ গতিত চলি আছে। আয়াৰলেণ্ড, আফগানিস্তান, বার্মা আদিও সন্ত্রাসবাদৰ বাবে কুখ্যাত। আমাৰ প্রতিবেশী পাকিস্তানী সন্ত্রাসবাদীয়েও বিশ্বত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। ওচমা বিন লাডেনৰ নিৰ্দেশত আফগানী সন্ত্রাসবাদীয়ে আমেৰিকা যুক্তৰাষ্টত ধ্বংস কার্য চলাই বিশ্বৰ সকলাে মানুহৰে অন্তৰ ক পাই তােলে। মিউ নিচ অলিম্পিক ভেলেইজত খেলুৱৈক হত্যা, শ্রীলংকাৰ ক্রিকেট দলক গুলী বর্ষণ, শ্রীলংকাৰ সন্ত্রাসবাদীৰ প্রভাকৰণৰ তাণ্ডৱ আদিয়ে সন্ত্রাসবাদীৰ বৰ্বৰতাৰ পৰিচয় দিয়ে।


বিশ্বৰ অন্য দেশৰ দৰে ভাৰতবৰ্ষতে সন্ত্রাসবাদে গা কৰি উঠিছে। প্রতিৱেশী বিদেশী ৰাষ্ট্র, তথা চুবুৰীয়া ৰাজ্যৰ সন্ত্রাসবাদী সংগঠনৰ সহযােগত ভাৰতবৰ্ষত বিশেষকৈ জম্মু আৰু কাশ্মীৰ, অসম, মণিপুৰ, অন্ধপ্রদেশ, বিহাৰ আদি ৰাজ্যত সন্ত্রাসবাদে সাধাৰ জনতাৰ জীৱন বিপৰ্ণ কৰি তুলিছে। ভূতপূর্ব প্রধান মন্ত্রী ৰাজীৱ গান্ধীক আত্মঘাতী বােমাৰে হত্যা, মুম্বাই তাজ হােটেলত আক্রমণ, কাশ্মীৰৰ ভাৰত প্রাক সীমান্তৰ উৰিত ১৮ জনকৈ ভাৰতীয় সেনা জোৱাণক আক্রমণ আদি হৃদয়বিদাৰক ঘটনা সন্ত্রাসবাদীয়ে সংঘটিত কৰিছে।


সন্ত্রাসবাদীৰ আক্রমণে অসমৰ জনসাধাৰণৰ জীৱনাে মূল্যহীন কৰি তুলিছে। ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত ধাৰাবাহিক বােমা। বিস্ফোৰণ, কোকৰাঝাৰৰ বালাজান আৰু তিনিচুকীয়া জিলাত সন্ত্রাসবাদীয়ে সাধাৰণ জনতাক নির্মমভাৱে গুলীয়াই ত্ৰাসৰ সৃষ্টি কৰে।


বর্তমান সময়ত সন্ত্রাসবাদীৰ নেটৱৰ্ক সমগ্র বিশ্বতে বিয়পি পৰিছে। সন্ত্রাসবাদ নির্মূল কৰিবলৈ হ'লে সমগ্র বিশ্বই একগােট হৈ সন্ত্রাসবাদীৰ বিৰুদ্ধে থিয় দিব লাগিব।

সামৰণিত উল্লেখ কৰা ভাল যে কোনাে সন্ত্রাসবাদী জন্মতে সন্ত্রাসবাদী হৈ নাহে। পৰিৱেশ পৰিস্থিতিয়েহে সন্ত্রাসবাদী হ’বলৈ বাধ্য কৰায়। এইক্ষেত্ৰত ঘৰ বা সমাজখনৰ ভূমিকা অত্যাধিক। সেয়েহে, এনে এখন ঘৰ তথা শান্তিপূর্ণ সমাজ গঠনত গুৰুত্ব দিব লাগে যাতে সন্ত্রাসবাদীৰ সৃষ্টিয়ে নহয়।

Comments

Popular posts from this blog

Class 10 Geography Chapter 1

Class 10 History Chapter 1

Class 10 Geography Chapter 2 Seba Notes |