অলিম্পিকৰ অতীত | Assamese Article |
অলিম্পিকৰ অতীত
যীশুখ্রীষ্টৰ জন্মৰ ৭৭৬ বছৰ আগৰ কথা। সেই সময়ত গ্ৰীচৰ অধিবাসীসকলে তেওঁলােকৰ দেৱতা জিউচৰ সন্মানার্থে প্রতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অলিম্পিয়া নামে ঠাইত একোটা ক্রীড়া প্রতিযােগিতাৰ আয়ােজন কৰিছিল। এইবিধ প্রতিযােগিতাকে অলিম্পিক বােলা হৈছিল। সেই সময়ত অলিম্পিক কেৱল গ্রীচৰে নহয়, সমগ্র পৃথিৱীৰ আটাইতকৈ ডাঙৰ উৎসৱ বুলি বিবেচনা কৰা হৈছিল।
ইতিহাস মতে, সেইসময়ত অলিম্পিক এমাহ ধৰি অনুষ্ঠিত হৈছিল। তেতিয়া অলিম্পিকলৈ ৰােম আৰু মেচিডিনিয়া সাম্রাজ্যৰ বিভিন্ন অংশৰ পৰা প্রতিযােগীসকলৰ সোঁত ব’বলৈ ধৰে। উল্লেখ্য যে এই খেল-ধেমালিসমূহ জিউচ দেৱতাৰ সন্মানার্থে আয়ােজন কৰা হৈছিল। দেৱৰ্তলৈ ভক্তিৰে পূজা অর্পণ কৰাৰ পিছত দৌৰ, বক্সিং, জাঁপ, মল্লযুঁজ, গান, কবিতা আৰু সাহিত্যৰ প্ৰতিযােগিতা অনুষ্ঠিত হৈছিল। প্রতিযােগীতাত অংশগ্রহণ কৰিবলৈ অহা প্রতিযােগিক এঘাৰ মাহ কঠোৰ অনুশীলন কৰাটো বাধ্যতামূলক আছিল। একেবাৰে শেষৰ মাহটো অলিম্পিয়াৰ বিচাৰকসকলৰ তত্বাৱধানত প্রশিক্ষণ দিয়া হৈছিল। তেওঁলােকক কঠোৰ শাস্তি দিয়া হৈছিল। তেওঁলােকক অতি কঠোৰ শৃংখলাৰ মাজত ৰখা হৈছিল; দোষ কৰােতাসকলক গুৰুতৰ শাস্তি দিয়াটো হৈছিলেই, কেতিয়াবা আনকি বহিস্কাৰাে কৰা হৈছিল।
আজিকালি অলিম্পিকত পুৰুষ-মহিলা উভয়ে অংশগ্রহণ কৰিব পাৰে। কিন্তু তেতিয়াৰ অলিম্পিকত মহিলাক অংশগ্রহণ কৰিবলৈ দিয়াটো নহৈছিলেই, আনকি কোনােবাই জুমি চোৱাটোও গুৰুতৰ অপৰাধ আছিল। এবাৰ ফেনিচ নামৰ এগৰাকী মহিলাই পুৰুষৰ বেশ ধৰি অলিম্পিক খেল উপভােগ কৰিছিল বুলি জনা যায়। সেই ঘটনা উদ্যোক্তাসকলে জনাৰ পাছত ভৱিষ্যতে যাতে এনে চোৰাং ঘটনা নঘটে তাৰ প্ৰতিকাৰ হিচাপে তেতিয়াৰ পৰাই খেলুৱৈসকলে শৰীৰত কোনাে আৱৰণ নৰখাকৈ খেলত যােগ দিয়াৰ নিয়ম প্রচলন হ’ল।
এই প্রতিযােগিতাৰ বিজয়ীসকলৰ একমাত্ৰ বঁটা আছিল জলফাই গছৰ ডালৰ এডাল মালা। অৱেশ্য এজন প্রতিযােগীয়ে তিনিটা বিষয়ত জয়ী হলে তেওঁৰ প্ৰতিমূৰ্তিয়ে অলিম্পিকত ঠাই পাই ছিল। তদুপৰি বিজয়ী প্রতিযােগীজন ঘৰলৈ উভতি আহােতে এক বিৰাট জনতাই তেওঁক আগবঢ়াই লৈ আহিছিল।
অলিম্পিকে গৌৰৱৰ শীর্ষস্থানত উঠিছিলগৈ খ্রীষ্টপূর্ব ৪০০ বছৰত আৰু তাৰ পিছৰ পৰাই ই ক্রমান্বয়ে পৰি আহিবলৈ ধৰে। এই ক্রীড়া সমাৰােহ একেবাৰে দুৰৱস্থাত পৰিছিলগৈ ৬৬ খ্রীষ্টাব্দত সম্রাট নিৰােৰ দিনত। ৩৯৩ খ্রীষ্টাব্দত গ’থ জাতিৰ কিছুমান আক্রমণকাৰীয়ে অলিম্পিয়াৰ মঠ-মন্দিৰসমূহ লুটপাট কৰে আৰু তাৰ এবছৰ পিছতেই খ্রীষ্টধর্মী সম্রাট থিয়দছিয়াছে এইবোেৰ খেল-ধেমালি খ্রীষ্টধর্মৰ বিৰােধী বুলি বন্ধ কৰি দিয়ে। এনেদৰেই অলিম্পিকৰ মৃত্যু হ'ল।

Comments
Post a Comment
If you have any doubts, please let me know