অসমৰ প্ৰাকৃতিক সম্পদ (Essay For SEBA class 9 and 10)
অসমৰ প্ৰাকৃতিক সম্পদ
ভূমিকাঃ অসম প্রাকৃতিক সম্পদেৰে ভৰপূৰ। ই পাহাৰ পৰ্বত আৰু হাবি জঙ্গলেৰে আৱৰা৷ ইয়াৰ ভূগৰ্ভতাে নানাধৰণৰ খনিজ পদার্থ সঞ্চিত হৈ আছে। ভাৰতৰ অৰ্থনীতিত অসমৰ প্ৰাকৃতিক সম্পদে এক বিশেষ অৰিহণা যােগাইছে। প্রাকৃতিক সম্পদত চহকী অসমৰ সম্পদ সমূহ সংৰক্ষণৰ ওপৰতে ইয়াৰ উন্নতি তথা ভাৰতৰ উন্নতি নির্ভৰশীল।
অসমৰ বনজ সম্পদ:- অসম বনজ সম্পদত চহকী। ইয়াৰ হাবি আৰু গভীৰ অৰণ্যবােৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হৈ আছে। বাঁহ গছ অসমত যথেষ্ট পৰিমাণে পােৱা যায়। কাগজ শিল্পৰ বাবে বাঁহৰ অতি প্রয়ােজন। কাগজ শিল্পৰ প্ৰয়ােজনীয় কেঁচামাল অসমত থকাৰ পৰিপ্ৰেক্ষিতত অসমত কাগজ কল গঢ় লৈ উঠিছে।সেইবােৰত উৎকৃষ্ট কাগজ তৈয়াৰ হয়৷ অসমত কাঠৰ প্ৰাচুৰ্যও মন কৰিবলগীয়া৷ ইয়াৰ হাবিবােৰত কেইবাবিধাে মূল্যবান গছ আছে। কচুগাওঁ ফৰেষ্টৰ শালকাঠ ৰেলৰ শ্লিপাৰৰ বাবে উৎকৃষ্ট। এই কাঠৰ উপৰিও বনচোম, গামাৰি, তিতাচপা আদি মূল্যবান গছ অসমৰ হাবিত পােৱা যায়। প্লাইউডৰ বাবে উৎকৃষ্ট কাঠো অসমৰ হাবিৰ পৰা সংগ্ৰহ কৰা হয়।
গছ, বাঁহৰ উপৰিও অসমৰ হাবিত মূল্যবান জীৱজন্তু পােৱা যায়। ইয়াৰ ভিতৰত বিশেষ ভাবে উল্লেখযােগ্য হ’ল গড়। এক খৰ্গযুক্ত এই গড় পৃথিবীৰ আন কোনাে দেশতে পােৱা নেযায়। গঁড়ৰ খৰ্গবােৰৰ যথেষ্ট দাম। চোৰাং কাৰবাৰীবােৰে সেয়ে গঁড়ৰ সংখ্যা কমাই আনিছে যদিও অসমত এতিয়াও ভালেমান গঁড় পােৱা যায়৷ গড়ৰ খৰ্গৰ দৰে হাতীর্দাতাে মূল্যবান। অসমৰ হাবিৰ তাল হাতীবােৰৰ পৰা দাঁত সংগ্ৰহ কৰিব পাৰি। ইয়াৰ উপৰিও নানা ধৰণৰ মহ, বাঘ আৰু চৰাই চিৰিকতিৰে অসমৰ হাবি বননি সমূহ ভৰপূৰ। এইবােৰে অসমৰ প্ৰাকৃতিক সৌন্দর্য্য বর্ধন কৰাৰ লগতে অর্থনৈতিক দিশলৈও অৱদান আগবঢ়ায়৷
জলজ সম্পদ:- অসমে যথেষ্ট সংখ্যক নদ-নদীৰে ভৰা। মহাবাহু ব্ৰহ্মপুত্ৰ অসমৰে নহয় ভাৰতৰ ভিতৰতে এক বৃহৎ নদী।ইয়াৰ উপৰিও জীয়া ভৰলী, মানাহ, বেকী, সােৱণশিৰী, কপিলী, পাগলাদিয়া আদি নদী অসমৰ মাজেৰে বৈ গৈছে৷ এই নদীবােৰ মাছ কাচৰে ভৰা। ইয়াৰ ফলত অসমত মৎস্য ব্যৱসায় ঠন ধৰি উঠিছে৷ তাৰােপৰি এই নৈবােৰে যাতায়াত ক্ষেত্ৰত অৰিহণা যােগাইছে| ইয়াত বিজুলী উৎপাদন কৰিও অসম যথেষ্ট লাভবান হৈছে। উমত এনে জলবিদ্যুৎ যােজনা প্ৰথমতে আৰম্ভ কৰা হয়। কপিলীতাে এনে জলবিদ্যুৎ যােজনাৰ কাম আৰম্ভ কৰা হয়। সম্প্রতি এই আঁচনি সম্পূর্ণভাবে কার্যকৰী কৰা হৈছে। এইবােৰুৰ পৰা বিজুলী সৰবৰাহ কৰি নগৰৰ শিল্পউদ্যোগৰ লগতে গাওঁবিলাকলৈও বিজুলীৰ যােগান ধৰিব পৰা হৈছে|
এসময়ত অসমৰ নদীবােৰত সােণ কমােৱা হৈছিল৷ তাহানি সোৱণশিৰীৰ বালিত আহােম ৰজাই সােণােৱালৰ হতুৱাই সােণ কৰ্মাইছিল! এই নদীবােৰত এতিয়াও সােণ পােৱা নগলেও ইয়াৰ পলসে পথাৰত সােণ ফলায়। অসমৰ নদ-নদীবােৰে যােগােৱা পলসৰ বাবেই অসম শস্যশ্যামলা হৈ পৰে|
খনিজ সম্পদ:- অসম খনিজ সম্পদতাে চহকী। ১৯১৮ চনত ইংৰাজ কোম্পানীয়ে ইয়াত তেলৰ খনি আৱিষ্কাৰ কৰে৷ ডিগবৈ অঞ্চলত পােৱা তেলেই ভাৰতৰ প্রথম আবিষ্কৃত তেলৰ খনি৷ ভাৰতৰ ভিতৰত অসমতে আটাইতকৈ চবচি তেলৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। নাহৰকটীয়া, দুলীয়াজান, ৰুদ্ৰসাগৰ লাকোরা, মৰান আদি অঞ্চলত যথেষ্ট তেল পােৱা গৈছে। অসমৰ এই তেলেৰে নুনমাটি আৰু বঙ্গাইগাওঁত তেল শােধনাগাৰ নির্মিত হৈছে। তেলে দেশৰ অৰ্থনীতিত বিশ্বে তৰিহণা আগবঢ়ায়৷ ই যাতাযাত ব্যৱস্থা সুচল কৰে৷
অসমৰ আন এবিধ খনিজ সম্পদ হ'ল কয়লা | লিড়, মাৰ্ঘেৰিটা আদিত যথেষ্ট কয়লা পােৱা গৈছে৷ ইয়াৰ পৰা ভাৰতৰ বিভিন্ন ঠাইলৈ কয়লা পঠোৱা হয়। তেল আৰু কয়লা উভয়ৰ পৰা অসমে যথেষ্ট ৰয়েল্টি লাভ কৰে। এই খনিজ সম্পদবােৰৰ পৰা আন আন বস্তু তৈয়াৰ কৰা উদ্যোগ অসমত গঢ়ি উঠিছে। এইবােৰেও অসমৰ অৰ্থনীতিত এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে।
চাহ সম্পদ:- অসম চাহৰ বাবে বিখ্যাত | অসমত উৎকৃষ্ট মানৰ চাহপাত তৈয়াৰ হয়। এই বাগিছবােৰৰ পৰা অসমে যথেষ্ট টকা আয় কৰে। এই চাহ বাগিচাবােৰত অলেখ চাহ বনুৱাই কাম কৰি জীৱিকা নির্বাহ কৰে| এই মানুহবােৰৰ কৰ্ম সংস্থানৰ লগতে দেশৰ অর্থনীতিত ই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ চাহ খেতিৰ বাবে উপযুক্ত প্রাকৃতিক পৰিবেশ অসমত থকাৰ বাবে এই শিল্পই অসমত ঠন ধৰি উঠিব পাৰিছে৷
সামৰণি:- প্রাকৃতিক সম্পদত চহকী দেশবােৰেই আজিৰ যুগত ধনী দেশ ৰূপে পৰিগণিত হৈছে৷ ইয়াৰ সুব্যৱহাৰৰ ফলতে নানা ধৰণৰ শিল্প উদ্যোগ গঢ় লৈ উঠে। কিন্তু অসম প্ৰকৃতিক সম্পদত ইমান চহকী হােৱা সত্বেও ই উন্নয়নৰ দিশত বৰবিশেষ আগবাঢ়িব পৰা নাই | অসমৰ এই প্রাকৃতিক সম্পদবােৰ ঠিকমতে ব্যৱহৃত হোৱা নাই! ৰক্ষকেই ভক্ষকত পৰিগণিত হৈছে অসমৰ বাণিজ্য সম্পদৰ তত্ত্বাৱধানকাৰী সকল সম্পদবােৰৰ পূর্ণ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰেওঁ আগভাগ লােৱানাই। প্রাকৃতিক দুর্যোগৰ ফলতাে অসমৰ বহুতাে সম্পদ নষ্ট হয়। তাৰােপৰি দেশৰ অশান্ত পৰিস্থিতিৰ কাৰণেও এই সম্পদবােৰ গঢ় লৈ উঠিব পৰা নাই। চৰকাৰে এই সকলােফালে চকু দি অসমক এখন চহকী ৰাজ্য ৰূপে গঢ়ি তুলিব পাৰে।
Comments
Post a Comment
If you have any doubts, please let me know