জানিবলগীয়া কথা (Facts)


সাপে মানুহক খােটে কিয়?

সাপে সাধাৰণতে সিহঁতৰ আকাৰতকৈ ডাঙৰ আকাৰৰ চিকাৰাে ভক্ষণ কৰিব পাৰে আৰু তেনে চিকাৰ কৰিবলৈ সঞ্চিত বিষ ব্যৱহাৰ কৰে। কিন্তু মানুহ সাপৰ আহাৰ নহয় আৰু সেই উদ্দেশ্যত সাপে মানুহক নাকামােৰে বা বিষ ঢালি নিদিয়ে। প্ৰায়বােৰ সাপেই আক্রমণাত্মক নহয়। বিপদৰ কিবা উমান পালেই সিহঁতে কিছু হুহকি আহি নিৰাপদ ঠাইতহ আশ্রয় লব বিচাৰে, খেদি গৈ আক্রমণ কৰিব নােখােজে। কিন্তু পৰিবেশৰ সৈতে মিলি থকা বাবে, প্ৰায়বােৰ ক্ষেত্ৰতে মানুহে হঠাতে বিষাক্ত সাপৰ গাতে খােজ দিয়ে বা খুব ওচৰেদি যায় আৰু সাপটোৱে নিজৰ প্ৰতিৰক্ষাৰ বাবেই খােট মাৰি বিষ ঢালি দিয়ে। কাৰণ আহাৰৰ বাবে ব্যৱহাৰ কৰিব নােৱাৰা জীৱৰ ক্ষেত্ৰত এনেয়ে বিষ প্রয়ােগ কৰাটো সাপটোৰ বাবে বিষৰ অপচয়হে। যিবােৰ বিষাক্ত সাপে সাধাৰণতে বাহিৰত বেছিকৈ ওলাই-মেলি ফুৰে বা কাৰােবাৰ ঘৰৰ ভিতৰত সােমাই পৰে, সেইবােৰ সাপেই আটাইতকৈ বিপদজনক। ভাৰতত সাধাৰণ ফেটী সাপবােৰ এনে কাৰণতে বছৰি প্রায় ১০,০০০ লােকৰ মৃত্যুৰ কাৰণ হয়। এনে ফেী সাপবােৰতকৈ বেছি বিষাক্ত প্রায় এঘাৰবিধ সাপ অষ্ট্রেলিয়াত আছে। সাপে খােটা মানুহৰ তৎকালীন চিকিৎসাৰ অভাৱৰ বাবেও ভাৰতৰ সর্প দংশনত মৃত্যু হােৱা মানুহৰ হাৰ যথেষ্ট বেছি। আমেৰিকা যুক্তৰাষ্ট্ৰত সাপে খােটা মানুহৰ কেৱল ৫ শংতাশহে মৃত্যুমুখত পৰে।


আমি কিয় গােন্ধ মনত ৰাখিব নােৱাৰাে?

গােন্ধ হ’ল মানুহ আৰু কিছুমান জন্তুৱেহে পাব পৰা এক বিশেষ ইন্দ্রিয়ানুভূতি। এই অনুভূতি জন্তু আৰু আদিম মানৱৰ পূৰ্বৱর্তী প্রাণীবােৰৰ ক্ষেত্ৰত বৰ শক্তিশালী। নাকৰ ওপৰৰ অংশত থকা অলফেক্টৰী স্নায়ু বা গােন্ধজনিত স্নায়ুত থকা স্নায়ু ফিলামেন্টবােৰেত আমাৰ নাকৰ গােন্ধৰ অনুভূতিৰ সৃষ্টি কৰে। মগজুৰ লগত সেইবােৰৰ বিশেষ সম্পর্ক নাথাকে। সেইবাবে কোনাে বস্তু নাকৰ ওচৰৰ পৰা আঁতৰাই দিয়াৰ লগে লগে আমি গােন্ধটো পাহৰি থাকো।


ঠাণ্ডাত খাদ্য কিয় ভালে থাকে ?

খাদ্য বেয়া হ’বলৈ আৰম্ভ কৰে কিছুমান বেক্টেৰিয়া আৰু অনুজীৱৰ বাবে। খাদ্যৰ অনুকূল পৰিবেশত এনে বেক্টেৰিয়াবােৰৰ দ্রুত বংশবৃদ্ধি ঘটে আৰু সেইবােৰৰ আক্ৰমণত খাদ্য বেয়া হ’বলৈ ধৰে। অতি ঠাণ্ডা পৰিবেশত নিচেই কম উষ্ণতা সহ্য কৰিব নােৱাৰি বহু বেক্টেৰিয়াৰ মৃত্যু হয়। কিছুমান নিষ্ক্রিয় হৈ পৰে। ফলত এনে পৰিবেশত খাদ্য বহুদিনলৈ ভালে থাকে। ৰিফ্রিজাৰেটৰত কৃত্রিমভাৱে ঠাণ্ডা পৰিবেশ সৃষ্টি কৰি তাত খাদ্যবস্তুবােৰ বহুদিনলৈ ভালে ৰখাৰ ব্যৱস্থা কৰা হয়।

Comments

Popular posts from this blog

Class 10 Geography Chapter 1

Class 10 History Chapter 1

Class 10 Geography Chapter 2 Seba Notes |