জানিবলগীয়া কথা (Facts)

#     সাদিনশিক্ষা কি? জ্ঞানী কোন?


শিক্ষা এটা জাতিৰ সভ্যতা-সংস্কৃতিৰ মূল উপাদান হােৱাৰ উপৰি ই ব্যক্তি, সমাজ আৰু দেশৰ ৰাজহাড়স্বৰূপ। নৈতিকতা আৰু মানৱীয় প্রমূল্যবােধৰ শিক্ষাও ব্যক্তি আৰু সমাজৰ ৰাজহাড়স্বৰূপ। শিক্ষাই মানুহক জ্ঞানৰ পােহৰেৰে আলােকিত কৰি এখন সভ্য আৰু সুসংস্কৃত সমাজ গঢ়াত অৰিহণা যােগায়। শিক্ষাই মানুহক সর্বজ্ঞ আৰু বিশ্ববিজয়ী কৰি তুলিব পাৰে। এৰিষ্টটিলৰ মতে মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বােৱাই অনাৰ একমাত্র উপায় হল শিক্ষা। ছক্ৰেটিচৰ মতে ভুল আঁতৰাই সত্যক প্রতিষ্ঠা কৰাটোৱেই হ'ল শিক্ষাৰ মূল লক্ষ্য। পাচে, এলবার্ট আইনষ্টাইনৰ মতে— Education is what remains after one has forgotten what one has learnt in school' অর্থাৎ স্কুলত শিকাখিনি পাহৰি যােৱাৰ পাচত যি অৱশিষ্ট থাকে তাকে শিক্ষা বুলি কোৱা হয়। সেয়েহে, শিক্ষাৰ আন এটা অর্থ হ’ল তথ্যৰ আহৰণ। আনফালে, আনুষ্ঠানিক শিক্ষাৰে তথাকথিত শিক্ষিত তথা ডিগ্রীধাৰী হলেও মানুহ প্ৰকৃততে শিক্ষিত নহ'বও পাৰে যদিহে দেশৰ শিক্ষা ব্যৱস্থআই মানুহক স্বাৱলম্বী, নিঃস্বার্থ, সমাজৰ প্রতি দায়বদ্ধ, নীতিনিষ্ঠ, সদাচাৰী আৰু নিষ্ঠাৱান নাগৰিক হিচাপে গঢ়িব নােৱাৰে। সেয়েহে আনুষ্ঠানিক শিক্ষাৰ শিক্ষিত তথা ডিগ্ৰীধাৰী নহলেও মানুহে বিভিন্ন দিশত অর্জন কৰা দীর্ঘদিনীয়া অভিজ্ঞতা তথা সৃষ্টিমুখী চিন্তা-চৰ্চাৰ দ্বাৰা মানসিক উৎকর্ষ সাধনেৰে প্ৰকৃততে শিক্ষিত হ'ব পাৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ এটা নির্দিষ্ট সময়সীমা থাকিব পাৰে, কিন্তু আজীৱন অনানুষ্ঠানিক শিক্ষা গ্রহণ কৰাৰ কোনাে সময়সীমা নাথাকে। পঁচিশে বিদ্যা পঞ্চাশে ধন, তাৰ পাচত ঠন ঠন’ এই আপ্তবাক্য মতে তাহানিৰ মানুহে বিদ্যার্জন তথা ধনার্জন এটা নির্দিষ্ট সময়ৰ ভিতৰত সমাপ্ত কৰি পিচৰ সময়ছােৱাত ধর্ম-কর্মত ব্রতী

প্রাসংগিক হৈছিল যদিও সাম্প্রতিক সময়ত সমাজত সেই ব্যৱস্থা প্রযােজ্য নহয়।


প্রাণী বিজ্ঞানৰ মতে স্তন্যপায়ী প্রাণী মাত্রকে জন্তু বুলি কোৱা হয়। কিন্তু স্তন্যপায়ী প্রাণী হলেও মানুহক জন্তু নুবুলি মনুষ্যত্ব গুণৰ অধিকাৰী হােৱাৰ কাৰণে মানুহ বুলি অভিহিত কৰা হয়। জীৱন আৰু জীৱিকাৰ কাৰণে মানুহে ৰাজহাড় পােনাই খােজকাঢ়ে কাৰণে মস্তিষ্কৰ কোষৰ ক্ৰমবিকাশ হৈ মানুহৰ ক্ৰমবিকাশাে সম্ভৱপৰ হৈছে। মানুহৰ বাদে অন্যান্য প্রাণী বা জীৱৰ দৰে চিম্পাঞ্জীৰ ৰাজহাড় বেঁকা কাৰণে মস্তিষ্কৰ কোষৰ বিকাশ মানুহৰ দৰে নঘটে। কাৰণ, মাতৃগৰ্ভত থাকোতে মানুহ আৰু চিম্পাজীৰ ক্ৰমে ২৫ শতাংশ আৰু ৭৫ শতাংশ মস্তিষ্কৰ ক্ৰমবিকাশ হয়। জন্মৰ পাচত মানুহ আৰু চিম্পাঞ্জীৰ ক্ৰমে ৭৫ শতাংশ আৰু ২৫ শতাংশ মস্তিষ্কৰ কোষৰ ক্রমবিকাশ পাৰিপাৰ্শিক অৱস্থা আৰু পৰিবেশ-পৰিস্থিতিৰ লগত মােকাবিলা আৰু সহাৱস্থানেৰেহে হয়। অর্থাৎ জন্মৰ পাচতহে মানুহৰ অধিক শতাংশ মস্তিষ্ক কোষৰ ক্ৰমবিকাশ হয় কাৰণে মানুহে শিক্ষা-দীক্ষা গ্রহণৰ দ্বাৰা জ্ঞান, বুদ্ধিমত্তা আৰু প্রতিভা অর্জনেৰে বিশ্ববিজয়ী জীৱশ্রেষ্ঠ প্রাণী হ’ব পাৰিছে।


মানুহ এজনৰ জন্মৰ পৰা শিশু অৱস্থালৈ যিহেতু মস্তিষ্ক কোষৰ গঠন আৰু ক্ৰমবিকাশ পাৰিপাৰ্শ্বিক অৱস্থা আৰু পৰিবেশ-পৰিস্থিতিৰ লগত মােকাবিলা আৰু সহাৱস্থানেৰে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে সম্পন্ন হয় বাবে এই সময়ছােৱাৰে পৰাই প্ৰতিজন শিক্ষার্থীৰ মাজতেই বিভিন্ন দিশত অন্তর্নিহিত প্রতিভাক চিনাক্ত কৰি উলিয়াই আনি ইয়াক বিকশিত কৰাৰ লগতে নৈতিকতা আৰু মানৱীয় প্রমূল্যবােধৰ শিক্ষাদানৰ দায়িত্ব শিক্ষক, অভিভাৱক আৰু সংশ্লিষ্ট সকলােৰে আছে। তদুপৰি শিক্ষকসকলে শ্ৰেণীকোঠাত বিভিন্ন কলা-কৌশল অৱলম্বনেৰে শিক্ষার্থীসকলৰ মেধাশক্তি আৰু বােধশক্তিৰ লগতে স্মৃতিশক্তি আৰু বিশ্লেষণাত্মক শক্তিক আয়ত্ত আৰু বিকশিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহে ই শিক্ষার্থীসকলক পাঠ্যপুথিৰ বিষয়গত আৰু অন্যান্য দিশত সম্যক জ্ঞান আহৰণত সামর্থ্য কৰিব পাৰিব। তদুপৰি এনে ব্যৱস্থা গ্রহণে ভৱিষ্যতলৈ তেওঁলােকক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলােকৰ বিশ্লেষণাত্মক প্রতিভা, সৃজনীমুখী চিন্তা আৰু কোনাে এটা বিষয় বা সমস্যা সমাধানত নিজস্ব চিন্তা আৰু দৃষ্টিভংগী প্রকাশত সহায়ক হ’ব।


আপাতদৃষ্টিত শিক্ষা আৰু জ্ঞান পৰস্পৰৰ পৰিপূৰক যেন লাগে। কিয়নাে, শিক্ষা তথ্যৰ আহৰণ হােৱাৰ বিপৰীতে জ্ঞান হ’ল শিক্ষাৰ ব্যৱহাৰিক ক্ষমতা। আমাৰ দেশত যােৱা প্রায় তিনি দশকৰ পৰাই বিজ্ঞানীসকলে অবিৰাম সৃষ্টিমুখী তথা উদ্ভাৱনী চিন্তাৰে আহৰণ কৰা জ্ঞানৰ দ্বাৰা বিভিন্ন সময়ত প্ৰকৃতিৰ ৰহস্যবােৰ উদ্ঘাটন কৰিবলৈ যত্ন কৰাৰ ফলতেই বিজ্ঞান-প্রযুক্তিৰ অভাৱনীয় উন্নতি হৈছে। গভীৰ অধ্যয়নেৰে আনুষ্ঠানিক শিক্ষা লাভ, অন্বেষণ তথা আত্মমন্থনেৰে প্ৰকৃততে শিক্ষিত হৈ মানুহ জ্ঞানী হ'ব পাৰে। অৱশ্যে, অনানুষ্ঠানিক শিক্ষা লাভৰ দ্বাৰাও বিভিন্ন দিশত অর্জন কৰা দীর্ঘদিনীয়া অভিজ্ঞতা তথা সৃষ্টিমুখী চিন্তা-চৰ্চাৰ দ্বাৰা মানসিক উৎকর্ষ সাধনেৰে শিক্ষিত হৈও মানুহ জ্ঞানী হ'ব পাৰে। মহাকাব্য মহাভাৰতত বর্ণিত একলব্যই আনুষ্ঠানিক শিক্ষা অবিহনে একমাত্র মনৰ দৃঢ়তা তথা অধ্যৱসায়েৰে অবিৰাম শৰ নিক্ষেপৰ অনুশীলনৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাৰে অব্যর্থ লক্ষ্যভেদ কৰিব পৰা জ্ঞান বা বিদ্যা অর্জনেৰে শ্রেষ্ঠ ধনুর্ধৰ হিচাপে পৰিগণিত হৈছিল। এনেধৰণে আনুষ্ঠানিক শিক্ষা নােলােৱাকৈ বিদগ্ধ পাণ্ডিত্য আহৰণ কৰাৰ উদাহৰণ ইতিহাসত ঢেৰ পােৱা যায়।


মনুষ্যৰ বাদে অন্য প্রাণীৰ ৰাজহাড় বেঁকা হােৱাৰ ফলত সেই প্রাণীবােৰৰ মস্তিষ্কৰ কোষৰ ক্ৰমবিকাশ মানুহৰ দৰে নােহােৱাৰ কাৰণে । 


সেইবােৰৰ ক্ৰমবিকাশাে হােৱা নাই। অন্য প্রাণীবােৰে মানুহৰ দৰে বিভিন্ন দিশত অর্জন কৰা দীর্ঘদিনীয়া অভিজ্ঞতা তথা সৃষ্টিমুখী চিন্তা-চৰ্চাৰ দ্বাৰা মানসিক উৎকর্ষ সাধনেৰে জ্ঞানৰ বিকাশ সাধন কৰিবলৈ অক্ষম কাৰণেই মানুহৰ দৰে জ্ঞানী হ’ব নােৱাৰিলে।


জ্ঞান শ্রেষ্ঠ নে বুদ্ধি শ্রেষ্ঠ— এনে প্রশ্ন বহুতকে কৰা দেখা যায়। শ্রীমদ্ভাগৱত গীতাত ১৮ টা যােগৰ ভিতৰত ‘জ্ঞান যােগ’ক শ্রেষ্ঠ যােগ বুলি কোৱা হৈছে। গভীৰ অধ্যয়ন, অন্বেষণ, আত্মমন্থন, দীর্ঘদিনীয়া অভিজ্ঞতা তথা সৃষ্টিমুখী চিন্তা-চৰ্চাৰ দ্বাৰা মানসিক উৎকর্ষ সাধনৰ দ্বাৰা মানুহ জ্ঞানী হ’ব পৰাৰ বিপৰীতে প্ৰখৰ বুদ্ধিমত্তাৰ অধিকাৰী হ'বলৈ মানুহৰ দীর্ঘদিনীয়া অভিজ্ঞতাৰ লগতে অধ্যয়ন, জ্ঞানৰ মন্থন আৰু মগজুৰ কৰ্ষণৰ প্রয়ােজন। বুদ্ধিমত্তা থকাজনৰ অসাধ্য সাধন কৰাৰ শাৰীৰিক তথা মানসিক শক্তি থকাৰ বিপৰীতে প্রয়ােজনীয় বুদ্ধিমত্তা নথকা শিক্ষিত আৰু জ্ঞানীজনৰ এনে গুণ নাথাকিবও পাৰে। আনফালে, বয়স হৈলে বুদ্ধি আপুনি হৈব ভাল’ৰ দৰে বয়স বঢ়াৰ লগে লগে অভিজ্ঞতাও বাঢ়ে কাৰণে বুদ্ধি ভাল হয় বা পৈণত হয় বুলি কোৱা হয়। পিচে, বয়স যিমানেইনহওক, বুদ্ধিমত্তা থকা জ্ঞানী মানুহক বুদ্ধিমত্তা থকা অজ্ঞানী মানুহতকৈ তুলনামূলকভাৱে সৎ উদ্দেশ্য সাধনত সফল হােৱা দেখা যায়। আনফালে গভীৰ অধ্যয়ন, অনুশীলন আৰু মগজুৰ কৰ্ষণৰ ফলত কম বয়সতাে মানুহৰ I.Q. বাঢ়িব পাৰে। বুদ্ধিস্য বলম তস্য’ অর্থাৎ বুদ্ধি যাৰ বল তাৰ হােৱাৰ দৰে বুদ্ধিমান মানুহে শক্তিশালী শত্রু বা জন্তুকো বশ কৰিব পাৰে। বৃহক্কায় হাতী এটাৰ বল তাৰ মাউতৰ তুলনাত বহুগুণ হােৱা সত্ত্বেও মাউতে বুদ্ধিৰ বলত তাক বশ কৰি বিভিন্ন কামত খটুৱাব পাৰে। সেইদৰে বুদ্ধিমত্তা থকা শিক্ষিত আৰু জ্ঞানী লােকে বুদ্ধিমত্তা নথকা শিক্ষিত আৰু জ্ঞানী লােকক শাৰীৰিক আৰু মানসিকভাৱে হােৱা কোনাে প্রতিদ্বন্দ্বিতাত হাৰ মনাব পৰা দেখা যায়। মহাকাব্য মহাভাৰতত বর্ণিত ভগৱান শ্রীকৃষ্ণই নিজৰ প্ৰখৰ বুদ্ধিমত্তাৰে কুৰুক্ষেত্র মহাসমৰত পাণ্ডৱ পক্ষই বিজয়ী হােৱাৰ বাবে ৰচনা কৰা ৰণনীতি তথা কৌশল অৱলম্বনেৰে পাণ্ডৱ পক্ষৰ ৰথী-মহাৰথীসকলে কৌৰৱ পক্ষৰ ৰথী-মহাৰথীসকলক বধ কৰি হস্তিনাপুৰ সাম্রাজ্য জয় কৰিবলৈ সক্ষম হৈছিল। বিশ্ববিখ্যাত ৰাজনীতিক তথা কূটনীতিবিদ ইংলেণ্ডৰ প্রাক্তন প্রধান মন্ত্রী উইষ্ট চার্চিলে তেওঁৰ বিচক্ষণতা তথা প্রত্যুৎপন্নমতিতা গুণৰ উপৰি প্ৰখৰ বুদ্ধিমত্তাৰ দ্বাৰা যিকোনাে জটিল সমস্যা অনায়াসে কম সময়ৰ ভিতৰতে সমাধান কৰিব পাৰিছিল। মগধ সাম্রাজ্যৰ মহামাত্য তথা ‘কৌটিল্যৰ অর্থশাস্ত্ৰৰ প্রণেতা বিষ্ণু গুপ্ত বা চাণক্যও এনে গুণৰ অধিকাৰী হৈ নন্দ বংশৰ স্বেচ্ছাচাৰী সম্রাট নন্দক ক্ষমতাচ্যুত কৰি মৌর্য বংশৰ চন্দ্রগুপ্ত মৌর্যক মগধ সাম্রাজ্যৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰাব পাৰিছিল। ইংৰাজি বুদ্ধিমত্তাৰ বলত আমাৰ দেশক ঔপনিৱেশিক শাসন ব্যৱস্থাৰে শশাষণবঞ্চনা কৰি দুশ বছৰ ৰাজত্ব কৰিব পাৰিছিল৷


অন্যান্য গুণৰ উপৰি বুদ্ধিমত্তা গুণৰ অধিকাৰী হােৱাজন শ্রেষ্ঠ হােৱা কাৰণেহে বােধহয় অস্কাৰ ৱাইল্ডে কৈছিল— . মােৰ শত্ৰুবােৰক অতি সতর্কতাৰে বন্ধু হিচাপে বাছনি কৰাে তেওঁলােকৰ বুদ্ধিমত্তাৰ কাৰণে। অর্থাৎ তেওঁ তেওঁৰ শত্ৰুবােৰৰ মাজৰ পৰা বুদ্ধিমত্তাৰ অধিকাৰী হােৱাসকলকহে অতি সতর্কতাৰে বন্ধু হিচাপে বাছনি কৰিছিল।

Comments

Popular posts from this blog

Class 10 Geography Chapter 1

Class 10 History Chapter 1

Class 10 Geography Chapter 2 Seba Notes |